তিতা খাদ্য ডায়েবেটিক ৰোগীৰ বাবে উত্তম বুলি ধৰা হয় কাৰণ তিতা খাদ্যই তেজত থকা চেনিৰ পৰিমান প্ৰাকৃতিক ভাৱে হ্ৰাস কৰাত সহায় কৰে |তলত দহ বিধ অসমত উপলব্ধ তিতা পাচলিৰ এখন সূচী দিয়া হৈছে | এই তিতা খাদ্যবোৰ ডায়েবেটিক সকলে তেওঁলোকৰ খাদ্য তালিকাত অন্তভূক্ত কৰিলে ডায়েবেটিত ৰোধ কৰাত প্ৰাকৃতিক ভাবে সক্ষম হব পাৰি|
01. তিতা কেৰেলা :
তিতা বুলি কলেই প্ৰথমে মনলৈ কেৱল এবিধ পাচলিৰ কথা হে আহে 'তিতা কেৰেলা', নহয় জানো |তিতা কেৰেলাত এবিধ ইনচুলিনৰ দ্বৰে যৌগিক পদাৰ্থ থাকে যাক কোৱা হয় Polypeptide-p বা p-insulin যিয়ে ডায়েবেটিক প্ৰাকৃতিক ভাবে ৰোধ কৰাত সহায় কৰে | সেয়েহে তিতা কেৰেলাক ডায়েবেটিক ৰোগী সকলে নিজৰ খাদ্য তালিকাত অন্তভূক্ত কৰিব লাগে | তিতা কেৰেলাক পিটিকা বনাই, ভাজি বা জুচ বনায়ো খাব পাৰি|
02. বেত গাজ :
Recipes of Bet Gaaj (click)
03. তিতা মৰা :
Stir Fried Titamora (click)
04. তিতা ফুল :
তিতা ফুলক বাহক তিতা বা ৰঙা বাহক বুলিও জনা যায়| তিতা ফুলক খাৰ বনাই, আলুৰ লগত ভাজি বা পিটিকা কৰিও খাব পাৰি | তিতা হোৱাৰ বাবে প্ৰাকৃতিক ভাবে তেজত চেনিৰ পৰিমানৰ মাত্ৰা সমান ৰখাত ই সহায় কৰে |
Stir Fried Titaphool (click)
05. শেৱালী ফুল :
সাধাৰনতে দূৰ্গা পূজাৰ সময়তহে শেৱালী ফুল ফুলে আৰু এই ফুলক হিন্দু পৌৰাণীক গ্ৰন্থত পাৰিজাত ফুল বুলি উল্লেখ আছে | শেৱালী ফুল খাবলৈ তিতা আৰু ইয়াক সাধাৰনতে শুকুৱাই ৰখা হয়| শেৱালী ফুলক আলুৰ লগত ভাজি খাব পাৰি আৰু শুকোৱাই থোৱা শেৱালী ফুল খাৰ বনাই বা মাছৰ লগত খাব পাৰি |
Recipes of Shewali phool (click)
06. শেৱালীৰ পাত :
শেৱালী ফুলৰ দৰে শেৱালীৰ পাতো খাব পাৰি | যথেষ্ট তিতা হোৱাৰ বাৰে শেৱালীৰ পাত ডায়েবেটিক সকলৰ বাবে উপকাৰী | ইয়াক সাধাৰনতে বেচনত লেতিয়াই বড় বনাই ভাতৰ লগত পৰিবেশন কৰা হয় |
Sewali Pator Bor (click)
07. নেফাফু :
নেফাফু এবিধ তিতা শাক | ইয়াক সাধাৰনতে বইল কৰি পিটিকা কৰি বা আলুৰ লগত তেলত ভাজি খোৱা হয়|নেফাফুৰ বৈজ্ঞানিক নাম হৈছে Clerodendrum colebrookianum| ডায়েবেটিক সকলক বাবে অতি উত্তম এই শাক|
08. নিম পাত :
নিম পাত যথেষ্ট তিতা যদিও ইয়াত তেলত ভাজি বা বেচনত লেতিয়াই কম পৰিমানে খাব পাৰি| নিম পাত স্বাস্থ্যৰ বাবে বৰ উপকাৰী আৰু ইয়াক ছাল আৰু চুলিৰ যতনৰ বাবে ব্যৱহাৰ কৰা হয় | তিতা হোৱা বাবে ই প্ৰাকৃতিক ভাবে তেজৰ চেনিৰ মাত্ৰাৰ সন্তুলন বজাই ৰখাত সহায় কৰে |
Neem Leaves Fritters (click)
09. মিথি শাক :
মিথি শাক আৰু মিথি গুটি ভাৰতীয় ৰন্ধনশৈলীত অতিজৰে পৰা ব্যবহাৰ হৈ আহিছে | মিথি শাকৰ সোৱাদ তিতা যদিও ইয়াক ভাজি খালে বৰ সোৱাদ হয়| তিতা হোৱাৰ বাবে ই ডায়েবেটিকৰ বাবে উপকাৰী|
Methi Bhaji (click)
10. তিতা ভেকুৰী :
Tita Bhakuri Pitika (click)
* ওপৰত উল্লেখ কৰা খাদ্য সমূহ কোনো ডাক্তৰৰে দিয়া পৰামৰ্শ নহয়, ই কেৱল এখন তিতা খাদ্যৰ সূচীহে |
Comments
Post a Comment