ফেচবুকত বিভিন্ন খাদ্য গোট বোৰ বাঢ়িছে আৰু লগতে বাঢ়িছে ধুনিয়া ধুনিয়া খাদ্যৰ ফটো আৰু ৰেচিপি সমূহ|অসমত টেলেণ্টৰ অভাৱ নাই বুলি কথা এষাৰ প্ৰায়ে শুনা যায়| সকলো ক্ষেত্ৰতে অসমীয়া সকল আগবাঢ়িছে যদিও ফুড ব্লগিংৰ ক্ষেত্ৰত সংখ্য একেবাৰে নগন্য| ইয়াৰ বিপৰীতে খাদ্য আৰু ৰেচিপি সম্বন্ধীয় ইউটিউবাৰৰ সংখ্যা বহুত বাঢ়িছে| ইউটিউবত ভিডিয়ৰ দ্বাৰা ৰেচিপি এটা প্ৰদৰ্শন কৰা হয় কিন্তু যি সকলৰ ফুড ফটোগ্ৰাফীৰ ওপৰত ৰুচি আছে, তেওঁলোকৰ বাবে ব্লগিং এটা উত্তম মাধ্যম| ইয়াৰ উপৰিও বহুতে ৰেচিপি এটাৰ ভিডিঅ চোৱাতকৈ ৰেচিপি পঢ়ি ভাল পায়| তেনে ক্ষেত্ৰত অসমীয়াত ৰেচিপি বিচাৰি গুগলত চাৰ্চ কৰিলে দেখা যায় যে অসমীয়া ফুড ব্লগৰ সংখ্যা তেনেই নগন্য| এই ক্ষেত্ৰত ফুড ব্লগ এটা কিদৰে খুলিব লাগে বহুতে নাজানিবও পাৰে| সেয়েহে মই কেইটিমান ব্লগ পষ্টৰ জৰিয়তে ফুড ব্লগ এটা কিদৰে খুলিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম|ফুড ব্লগ এটা খোলাৰ আগতে আমি প্ৰথমে জানি লব লাগিব ফুড ব্লগ মানে কি ? সেয়েহে মোৰ প্ৰথম পষ্ট টোত আজি ফুড ব্লগ আৰু ব্লগিং নো কি হয়, সেই বিষয়ে আলোচনা কৰিম|
ব্লগ মানে কি ?
ব্লগ (blog) হৈছে ইংৰাজী weblog ৰ সংক্ষিপ্ত শব্দ| ব্লগ হৈছে এক ধৰনৰ অনলাইন আলোচনী বা যিকোনো এটা বিষয়ৰ ওপৰত থকা তথ্যৰ ৱেবচাইট|ব্লগ হৈছে এটা মঞ্চ য'ত এজন লেখক বা এটি লেখকৰ গোটে যিকোনো এটি বিষয় বস্তুৰ ওপৰত লেখা আগবঢ়াব পাৰে| ব্লগত দিয়া লেখা বা পষ্ট বোৰৰ ধাৰাবাহিকতা ৰক্ষা কৰা টো অতিকে বাঞ্চনীয়| সেয়েহে নিজৰ সুবিধা অনুসৰি দৈনিক বা সাপ্তাহিক বা মাহেকিক ভাবে লেখাবোৰ ব্লগত দি যাব লাগে| ব্লগ এটাত দিয়া পষ্টবোৰৰ একেবাৰে শেষতীয়া পষ্টবোৰ সকলোতকৈ আগত আহে| এই পষ্টবোৰত ফেচবুকৰ দৰে মন্টব্য আগবঢ়াব পৰা যায় আৰু লগতে ভাগবতৰাও(share) কৰিব পৰা যায় যি কোনো চচিয়েল মিডিয়া মঞ্চত|
ব্লগিং কি আৰু ব্লগাৰ কাক কয়?
ব্লগত লিখা কাৰ্য্যকে ব্লগিং বুলি কোৱা হয় | যি জনে ব্লগিং কৰে বা ব্লগত লিখা-মেলা কৰে সেইজনকে ব্লগাৰ বুলি কয়| সাম্প্ৰতি কালত ব্লগিং এটি বৰ জনপ্ৰিয় কেৰিয়াৰলৈ পৰিবৰ্তন হৈছে| যি সকলে খাদ্যৰ ওপৰত ব্লগ কৰে তেওক ফুড ব্লগাৰ বুলি কোৱা হয়|
ফুড ব্লগ মানে কি?
ফুড ব্লগ মানে হল সেইবোৰ ব্লগ যিবোৰৰ বিষয় বস্ত "খাদ্য"|
খাদ্য বুলি কলে বিভিন্ন বিষয় সন্নিবিস্ত হব পাৰে ফুড ব্লগ এটাত| কেৱল ৰেচিপি ভাগবতৰা কৰা ব্লগকে যে ফুড ব্লগ বুলি কয় তেনে নহয়| বিষয়বস্তুক ফালৰ পৰা চাবলৈ গলে ফুড ব্লগ চাৰি ধৰনৰ হব পাৰে :
- ৰেচিপি ভাগবতৰা কৰা ব্লগ (recipe blog)
- খাদ্য বস্তুৰ সমীক্ষা / হোটেল-ৰেস্টুৰাৰ সমীক্ষা (food product review /restaurant review)
- ফুড ফটোগ্ৰাফী (food photography)
- খাদ্য আৰু ভ্ৰমন (culinary travel)
এজন ব্লগাৰে নিজৰ ৰুচি অনুসৰি বিষয় বাচনি কৰি এইদৰে এটি ফুড ব্লগ খুলিব পাৰে|
ফুড ব্লগ এটা খোলাৰ আগতে জানিবলগীয়া কথা:
ব্লগ এটা খুলিবলৈ এজন ৱেব ডিজাইনাৰৰ সহায় লব পাৰে বা আপুনি নিজেওঁ খুলিব পাৰে| কিন্তু ব্লগ এটা খুলাৰ আগতে তলৰ কথা দুটি জানি থোৱাতো প্ৰয়েজনীয়|
- ফুড ব্লগ এটা খোলাৰ আগতে প্ৰথমতে ব্লগটোৰ নাম এটা চিন্তা কৰি লব লাগে| ব্লগটো কি নাম দিব তাৰে চিন্তা কৰি কেইটিমান নাম এখন কাগজত লিখি ৰাখিব| ব্লগটো খোলা সময়ত কেতিয়াবা কোনো এটা নাম উপলব্ধ নহবওঁ পাৰে বা অন্য কোনোবাই সেই নামটো আগতেই লৈ ব্লগ খুলি থব পাৰে| কেতিয়াবা দেখা যায় বহুতে নিজৰ নামেৰেও ব্লগ খুলে, সেইটোও বেয়া ধাৰণা নহয়|
- ব্লগ এটা বিনামূলীয়াকৈয়ো খুলিব পাৰে কিন্তু প্ৰথমতে কোনখন মঞ্চত খুলিব সেইটো জানি লব লাগে| WordPress ক সকলোতকৈ উত্তম মাধ্যম বুলি ধৰা হয় ব্লগিংৰ ক্ষেত্ৰত | Blogger ও এটি বহুত পূৰণি মঞ্চ ব্লগিংৰ ক্ষেত্ৰত লগতে বহুত সহজ এটি মঞ্চ| এই মঞ্চ দুটাৰ উপৰিও আৰু কেইবাটাও মঞ্চ আছে য'ত ব্লগ খুলিব পাৰে আৰু বিনামূলিয়াকৈয়ে ব্লগিং কৰিব পাৰে|
(পৰবৰ্তি পষ্টত ব্লগ কিদৰে এই মঞ্চ কেইটাত খুলিব তাৰ বিষয়ে পাব)
ফুড ব্লগ এটাৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰি নেকি?
হয়, ফুড ব্লগ এটাৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰি কিন্ত তাৰ আগতে ব্লগৰ পঢুৱৈৰ(traffic) সংখ্য যথেষ্ট হব লাগে| ফুড ব্লগ এটাৰ পৰা অৰ্থ অৰ্জন কৰিব পাৰি তলত দিয়া ধৰনেৰে :
- বিজ্ঞাপনৰ জৰিয়তে
- স্পঞ্চৰ পষ্টৰ জৰিয়তে
- এফিলিয়েত প্ৰগেমৰ জৰিয়তে
- ৰেচিপিৰ কিতাপ লিখি
- অনলাইন কোৰ্চ বিক্ৰী কৰি ইত্যাদি
(এই বিষয়ে এটা এটাকৈ পৰবৰ্তি পষ্টত লিখিম)
Next Post : ব্লগাৰত ফুড ব্লগ কিদৰে খুলিব
Next Post : ব্লগাৰত ফুড ব্লগ কিদৰে খুলিব
পঢ়িলো।ময়ো ভাবি আছো ব্লগৰ বিষয়ে।
ReplyDeleteনিশ্চয় খুলিব পাৰা
Deleteসুন্দৰ পষ্ট দিলে দেই বা😍
ReplyDeleteধন্যবাদ
DeleteWoooww..nice post
ReplyDeleteThank you Rohan
DeleteUseful post, Baideo
ReplyDeleteThank you
Deleteসুন্দৰ
ReplyDelete